বছৰটোৰ
শেষত দুটা আকস্মিক ছুটী অব্যৱহৃত হৈ ৰৈ যাব বুলি ভাবি মনটো বেয়া লাগি আছিল ৷ পূর্বৰ
স্থানতে কর্মৰত থকা অৱস্থাত বছৰৰ ছুটীকেইটাৰে প্ৰায় নোজোৰাৰ দৰে আছিল ৷ বছৰৰ শেষলৈ
দুটা আকস্মিক ছুটী জমা ৰখা কথাটো মোৰ বাবে অলীক কল্পনা ৷পাৰাদীপলৈ স্থানান্তৰিত হোৱাৰ
পাছৰ এইকেইমাহত এদিনীয়াকৈ ক’ৰবালৈ যাবলৈ কোনো অজুহাতো পোৱা নাছিলো ৷ শেষত যেনিবা নেদেখাজনে
চকু মেলি চালে নেকি - ছোৱালীজনীয়ে এদিন খবৰ দিলে যে তাই ডিচেম্বৰ মাহৰ ২৭ তাৰিখে বান্ধৱী এজনীৰ বিয়াৰ
খাবলৈ পুৰীলৈ আহি আছে ৷ মোক ক’লে – “তুমিও আহা পুৰীলৈ ৷ তাতে লগ হ’ম দুয়ো ৷” ময়ো ভালেই
পালো ৷ ওপৰৱালাক কোৱাত তেৱোঁ আপত্তি নকৰিলে ৷ দুদিনৰ ছুটী মঞ্জুৰ হোৱাত মোৰ সহকর্মী
ভাতৃপ্ৰতিম নিতাই চৌধুৰীক লগত লৈ ২৬/১২/২০১৪ তাৰিখে ১০-৪৫ বজাৰ ৰেলেৰে পাৰাদীপৰ পৰা
পুৰীলৈ ৰাওনা হ’লো ৷ জীয়ৰীজনী পাছদিনাখনহে আহি পোৱাৰ কথা ৷ গতিকে হোটেলত কোঠা এটা বন্দোবস্ত
কৰি তাতে টালি-টোপোলা থৈ দুয়ো ওলালো সাগৰৰ পাৰৰ “মেৰাইন দ্ৰাইভ”ত ফুৰিবলৈ ৷ সন্ধিয়া
ৰঙ-বিৰঙী বিজুলী চাকিৰ পোহৰত উজলি উঠিছে পুৰী নগৰী ৷ পুৰী এতিয়া যেন তীর্থস্থান নহৈ
এক সপোনপুৰীহে হৈছে ৷ বিৰ দি বাট পাবলৈ নোহোৱাকৈ পর্য্যটকৰ ভিৰ ৷ ফিৰফিৰীয়া ঠাণ্ডা
বতাহজাক বৈ আহিছে সমুদ্ৰপৃষ্ঠৰ পৰা ৷ যোৱা বাৰতকৈ এইবাৰ পাৰাদীপ আৰু পুৰীত শীত বেছি
৷ সাগৰ তীৰৰ বালিৰ ওপৰেৰে দুয়ো খোজ কাঢ়ি ভাগৰ লগাত ফেৰীৱালা এটাৰ পৰা বহিবলৈ দুখন চকী
খুজি দুকাপ কফিৰ অর্ডাৰ দিলো৷ কফি আৰু কথাৰ মাজতে মই ক’লো – নিতাই তুমি বাৰু মন কৰিছানে
আমি ইমানবোৰ মানুহৰ মাজেৰে বা কাষেৰে খোজ কাঢ়ি আহিলো; কিন্তু ক’তো এষাৰ অসমীয়া মাত
নুশুনিলো ৷ অথচ প্ৰতি বছৰে পুৰী ভ্ৰমন কৰিবলৈ অহা অসমীয়া মানুহৰ সংখ্যা কম নহয় ৷ অন্ততঃ
এনেকুৱা পৰীক্ষা আদি নোহোৱা বতৰত ৷ নিতায়ে কথাটো সমর্থন কৰি যিটো কাৰণ দেখুৱালে সিয়ে
মোৰ মনটো বৰ ব্যথিত কৰিলে ৷ তেওঁ ক’লে – “দাদা, অসমত বর্তমান অন্তৰ ভাগি যোৱাকৈ দুখ
লগা পৰিস্থিতি ৷ কোন সতেনো মানুহে নিজৰ ঘৰখন
এৰি থৈ আহিব ৷ শান্তিৰে ফুৰিব পাৰিব জানো?” শীতৰ প্ৰকোপ বাঢ়ি অহাত দুয়ো সমুদ্ৰতীৰৰ
পৰা মূল পথলৈ ওভটাৰ সিন্ধান্তৰে খোজ ল’লো ৷ যোৱা দশককেইটাত অসম আৰু অসমবাসীসকল আন্দোলন
আৰু সন্ত্ৰাসৰ নামত বহু ক্ষতিগ্ৰস্ত হ’ল ৷ মানসিকতাৰ পৰিবর্তন হ’ল ৷ অসমীয়াৰ অচিন বস্তু
বর্বৰতা এতিয়া নিত্য লগৰী হ’ল ৷ দিন দুপৰতে ইতৰ প্ৰাণীতকৈও নৃশংসভাবে নৰহত্যা কৰিবলৈ
কুণ্ঠিত নোহোৱা হ’ল ৷ অন্য ৰাজ্যৰ পৰা অহা সহকর্মীসকলে এই বিষয়ে সুধিলে উত্তৰ দিবলৈ
ভাষা নাথাকে ৷ কথা পাতি আহি থাকোতে অন্য এটা দৃশ্যলৈ নিতায়ে আঙুলিয়ালে – “দাদা চাওক
সেইফালে ৷ সেইখন স্বর্গদুৱাৰ ৷” তাৰ আঙুলিৰ নির্দেশনা মতে মই দৃষ্টি ঘুৰাই দেখিলো –
এৰা, সচাই ৷ ফলকত লিখা আছে “স্বর্গদুৱাৰ” বুলি ৷ ভিতৰত অহৰহ দাউ দাউকৈ জ্বলি আছে বহুতো
চিতা ৷ মনৰ চকুৰে দেখিলো এইকেইদিনত সন্ত্ৰাসবাদীৰ হাতত নিহত কিমান যে হতভগীয়া নিৰীহ
পৰিয়ালৰ সদস্যৰ চিতাগ্নিয়ে দহি নিছে সেইসকলো পৰিয়ালৰ অন্তৰ ৷ বুকু ভগা কান্দোনে আকাশ-বতাহ
গধুৰ কৰি তুলিছে ৷ নিজকে প্ৰশ্ন কৰিলোঁ – কি ভাবি মই এষাৰি মৌসনা অসমীয়া মাত পুৰীৰ
এই ভ্ৰমনবিলাসী পর্য্যটকৰ মাজত বিচাৰি ফুৰিছোঁ ? যুক্তিযুক্ততা ক’ত? মাজতে নিতাইৰ মাতত
তন্দ্ৰা ভাগিল – দাদা, চাওক, এফালে মৃতদেহবোৰ চিতাত জ্বলি আছে আৰু দুয়ো কাষে আৰু সম্মুখৰ
পথটোৰ কাষৰ বিপনীবোৰত মানুহে খাদ্য খাইছে, বস্তু কিনিছে কেনেকৈ ৷ ময়ো নিজকে ক’লো –
এৰা, এয়াই স্বর্গদুৱাৰ ৷ ইয়াত শোকৰ স্থান নাই ৷ পাথর্ক্য নাই কোন ক’ৰ বা কোন কি আছিল?
মৃত্যুৱে কেতিয়াও শ্ৰেণীবিভাগ নকৰে ৷ দুখেৰে ভাৰাক্ৰান্ত হৃদয় এখন লৈ হোটেললৈ উভটিলোঁ
৷ ৰাস্তাত ভিৰ পাতলিছে ৷ সাগৰৰ তৰংগৰাশি ক্ৰমাৎ উত্তাল আৰু গর্জনমুখৰ হৈছে ৷ মাথোঁ
মানুহক যেন ইতিকিং কৰি বিজুলী চাকিৰ জকমকীয়া পোহৰত সগৌৰৱে থিয় হৈ আছে হোটেলৰ প্ৰাসাদোপম
অট্টালিকাবোৰ ৷
*******************
No comments:
Post a Comment