Visit blogadda.com to discover Indian blogs

Friday, July 15, 2011

A gift of love to my youngest Facebook friend-Gauranga

মালৈ চিঠি

মা মনত পৰেনে তোমাৰ?
যেতিয়া প্রথম চকু মেলিছিলো
মই খুব কান্দিছিলো।
বৰ ভয় লাগিছিল মোৰ,
তুমিতো মোৰ কাষত নাছিলা!
আৰু সেই বজ্জাত পৰিচাৰিকাজনী?
ৰ পৰা জানো আহি ওলাইছিল?
জোকাৰি জোকাৰি
মোক কিমান যে কন্দুৱাইছিল।
আৰু মোৰ কান্দোনত,
সিহঁতে বৰ আনন্দ পাইছিল।
তোমাক বাৰু কিয় সিহঁতে
মোৰ পৰা আঁতৰাই ৰাখিছিল মা?
তোমাৰ ওচৰ পালো যেতিয়া
মোৰযে কিমান ভাল লাগিছিল।
চকু ঘুৰাই ঘুৰাই চাই
মইযে একোকে ধৰিব পৰা নাছিলো।
মাথো গম পাইছিলো
তুমি মোৰ ফালে চাই মিচিকিয়াই হাঁহিছিলা।
দেউতা কিন্তু তেতিয়া নাছিল।

মোক অকলে শুৱাই থৈ
ঘৰত তুমি যেতিয়া কাম কৰিছিলা
তেতিয়া কোনোবা এজনে আহি
সপোনত জোকাই জোকাই
মোক কৈছিল- তোমাৰ মা নাই
মই হাহিঁছিলো।
মই কৈছিলো মোৰ মা এই মাত্র গ
মোক সুধামৃত খুৱাই।


তেতিয়া তেওঁ কৈছিল-
নহয় নহয় তোমাৰ দেউতা গুচি গ
জানা মা!
মই ফেকুৰি ফেকুৰি কান্দিছিলো।

আৰু তেতিয়া তেওঁ মোক তেওঁৰ
মিঠা আঙুলিটো চুপিবলৈ দিছিল।
আইতাই কৈছিল- কৃষ্ণই জোকাইছে
কৃষ্ণই কিয় জোকায় বাৰু?

মা! মই এতিয়া লাহে লাহে ডাঙৰ হলো।
স্কুললৈ যাও,
অংক কৰো,
ইংৰাজী পঢ়ো
আৰু কম্পিউটাৰ চলাবও জানো।
তোমালোক নাথাকিলে
অকলে মোৰ বেয়া লাগে।
সেয়ে মই মাজে মাজে কম্পিউটাৰত
খেল খেলি সময় কটাও।
দেউতাক কবা মা!
দুষ্টালি কৰিলেও মই এদিন ডাঙৰ মানুহ হম।
তোমালোকৰ নাম উজলাম।
তোমালোকৰ দুখৰ দিনত
এন্ধাৰত জ্বলি থকা
মৰ শিখাৰ দৰে
তোমালোকৰ জীৱন উজলাম।

                      ইতি-
                      তোমাৰ সুপুত্র
                          গৌৰৱ


No comments:

Post a Comment