তিমিৰ ফাড়িয়া বাজ
নটৰাজ দাস
বিপন্ন আছিল সেই সময়,
তমসাচ্ছন্ন জগত সুপ্ত নিমগ্ন।
সুপ্ত আছিল জনমানস,
আৰু বিবেক আছিল সুচিন্তাবর্জিত।
চৌদিশে হাহাকাৰ,
পীড়িত সমাজ
মাথো অনাচাৰ-ব্যভিচাৰ।
পোহৰৰ আশাত এদল মানুহ
কোনেনো দিব,
কতনো পাব,
শুদ্ধ পথৰ সন্ধান?
কেতিয়ানো হ’ব বাৰু-
তিমিৰ ফাড়িয়া বাজ
ৰবিৰ কিৰণ?
আন্ধাৰত এজাক মানুহ,
পথহাৰা,
দিশহাৰা,
পংকিল ক্ষণ অনুক্ষণ।
আকুল প্রতীক্ষা মাথো
সেই নায়ক,অধিনায়ক
কিম্বা মহানায়কৰ।
উদ্ধাৰিবলৈ এই মহাভুৱন
হ’ব যাৰ আগমন
আৰু হ’ব অমানিশাৰ শেষত
তিমিৰ ফাড়িয়া বাজ
ৰবিৰ কিৰণ।
বৰষি বৰষি মেঘে
পিন্ধিলে সাজ শুভ্র বৰণ,
আহিনৰ আকাশ হ’ল
উজ্জল বিতোপন।
নিশাৰ গর্ভ ভেদি
কিহে কৰে আগমন!
আন কোনো নহয় সেয়া
মোৰ গুৰু শ্রীমন্ত শঙ্কৰ,
জনম লভি পাপ খণ্ডিলা জগতৰ।
অনাচাৰ, কুসংস্কাৰ নাশি
বোৱালা ৰস হৰি ভকতিৰ।
“হৰি নাম ৰসে বৈকুণ্ঠ প্রকাশে
প্রেম অমৃতৰ নদী”
পাৰ ভাঙি দিলা তাক বৈ যাবলে
বিশ্ব-ব্রহ্মাণ্ডক ভেদি।
গুৰু মোৰ শঙ্কৰ
কৰুনা সাগৰ,
জগতৰ মাজে শোভে
অতি বিতোপন।
অজ্ঞান আন্ধাৰ নাশি
অসম আকাশত
বিৰাজিলা তুমি
হে ভকত পৰাণ!
যেন
তিমিৰ ফাড়িয়া বাজ
ৰবিৰ কিৰণ।।
**********************
No comments:
Post a Comment